Sunday, December 31, 2023

পৰ্য্যটন....


অৰণ্যৰ মাজে মাজে ....

    মানস ব্যঘ্র প্রকল্প অসমৰ প্ৰথম ব্যঘ্র প্রকল্প মানস । ইয়াৰ গড় আৰু বন্য আকর্ষন হাতীৰ বাবে বিখ্যাত আৰু ৰাজ্য খনৰ বেছি ভাগ অংশই আগুৰি থকা এই অন্য পাহাৰ আৰু নদী উপত্যকাৰে ভূটানৰ সীমাত অৱস্হিত । মানস অভয়ৰন্য ইয়াৰ বন্য সৌন্দৰ্য্য আৰু বনজ সম্পদৰ বিশেষত্বত যি কোনো বন্য জীৱ প্ৰেমীৰ বাবে এক ৰোমাঞ্চকৰ অভিজ্ঞতা ।মানস অভয়ৰন্য পূৱ হিমালয়ৰ আৰ্দ্ৰ বৰ্ষা অন্যৰে পৰিবেষ্টিত । ইয়াৰ গহীন হাবিয়ে সূৰ্য্যৰ পোহৰকো বাধা দি ৰাখে । পূৱ হিমালয়ৰ সেউজীয়া তৃণভূমিয়ে মানস ৰাষ্ট্ৰীয় উদ্যানৰ বৃহৎ এলেকা আগুৰি আছে । এই তৃণভূমি বিভিন্ন বন্য জন্তুৰ বিচৰন ভূমি ।
১৯২৮ চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষনা কৰা মানস অভয়ৰন্যক ১৯৭৩ চনত ব্যঘ্র প্রকল্প হিচাপে ঘোষনা কৰা হয় । ভাৰতৰ ১৮ খন ব্যঘ্ৰ প্ৰকল্পৰ ভিতৰত মানসৰ স্থান নৱম। এই অভয়ৰন্যৰ মূঠ মাটি কালিৰ পৰিমান ৩৯১ বর্গ কিলোমিটাৰ আৰু ব্যঘ্ৰ প্ৰকল্পৰ মাটিকালিৰ পৰিমান ৫৪০ বর্গ কিলোমিটাৰ । এই সংৰক্ষিত বনাঞ্চল মানস অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, উদালগুৰি আদি জিলা সমুহত বিস্তৃত হৈ
আছে ।
       মানস ৰাষ্ট্ৰীয় উদ্যানত প্রধান অঞ্চল ৩৬০ কিলোমিটাৰ য'ত ২০ টা প্ৰজাতীৰ চৰাই আৰু জীৱ জন্তু আছে তাৰ ভিতৰত ৰঙা পান্ডা, যি অতি দুস্প্রাপ্য, উল্লেখনীয় । প্ৰথমতে মানস এখন অভয়ৰন্য আছিল যদিও ১৯৯০ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্য্যদা দিয়া হয় ইয়াৰোপৰিও নল গাহৰী সোনালী বান্দৰ আৰু বহু দুস্প্রাপ্য জীৱ-জন্তু যেনে বাঘ, হাতী, গড়, বনৰীয়া মহ, বনৰীয়া ভালুক, ফুটকীহৰিণ, খুটিয়াপহু ইত্যাদি।
অতি সহজেই এই অভয়ৰন্যত দেখিবলৈ পোৱা যায় । শীত কালত মানস অভয়ৰন্যত নানা বিধ পৰিভ্ৰমী চৰাই কৰমোৰেন্ট, নানা বিধ চৰাই , হাইঠা ইত্যাদি দেখিবলৈ পোৱা যায়। মানসত যথেষ্ট সংখ্যক বাভিন্ন প্ৰজাতিৰ পখিলা আৰু সৰিসৃপ পোৱা যায় । মানসৰ মাজেৰে বৈ যোৱা মানস নদীত নৌকা চালনা আৰু মাছ ধৰাৰ সুবিধা আছে । এই নদীৰ ৰং বিৰঙৰ শিল বোৰো পৰ্য্যটকৰ অন্যতম আকর্ষনীয় বস্তু । মানস ৰাষ্ট্ৰীয় উদ্যানত হাতীৰে বন্য জীৱ-জন্তু দৰ্শনৰ সুবিধা আছে । মথনগুৰিৰ পৰা ৰাতিপূৱা পৰ্য্যটক সকলক লৈ হাতীবোৰ তিনি ঘন্টা জোৰা ভ্রমনসূচী লৈ ওলাই যায় ।
     নিৰ্দ্ধাৰিত মাচুল বিনিময়ত বিভিন্ন কেমেৰা ব্যৱহাৰৰ অনুমতিবিভাগীয় কর্তৃপক্ষৰ পৰা পোৱা যায় ।ছাত্ৰ-ছাত্ৰীৰ বাবে নুন্যতম মাচুলৰ ব্যৱস্থাও আছে । মানস অভয়ৰণ্যত ভ্রমন কৰাৰ আটাইত কৈ উপযুক্ত সময় হল অক্টোবৰ মহৰ পৰা এপ্রিল মাহলৈকে । বাকী কেই মাহ এই বনাঞ্চল পৰ্যটকৰ বাবে বন্ধ থাকে । বর্ষা কালত এই বনাঞ্চলৰ বিভিন্ন স্থানত জলমগ্ন হোৱা বাবে জীৱ-জন্তুবোৰ সহজে দেখা নাযায় । মানস ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটক বা ভ্রমনকাৰী সকলৰ থকা মেলাৰ সুবিধাৰ বাবে দুটা কৈ অসম চৰকাৰৰ পৰ্য্যটনবিভাগৰ অধীনত থকা ঘৰ আছে। বনাঞ্চলৰ ওচৰতেই থকা এই ঘৰ দুটি পৰ্য্যটকৰ বাবে যথেষ্ট সা-সুবিধা আছে । এটা ঘৰ বৰপেটা ৰোড চহৰত আৰু আনটো বাহবাৰীত অৱস্থিত । অসম চৰকাৰৰ অধিনত মথনগুৰীত দুটা অন্য পৰ্য্যটন আবাস আছে ।
     এই মানস ৰাষ্ট্ৰীয় উদ্যান খনলৈ মটৰ যোগে যাবলৈ গুৱাহাটীৰ পৰা ১৭৬ কি.মি. যাতায়াত কৰিব লাগে । ৰেলযোগেৰে যাবলৈ হ'লে অন্তিম ৰেলষ্টেচন বৰপেটাৰোড। ইয়াৰ পৰা সৰু মটৰ গাড়ীবা বাছেৰে বাহঁবাৰী, মথনগুৰীলৈ যাব পাৰি । এই বনাঞ্চলত ভ্ৰমন কৰিবলৈ বন বিভাগৰ বিশেষ অনুমতিৰ প্ৰয়োজন থাকে ।
মানস ৰাষ্ট্ৰীয় উদ্যান অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম গুৰুত্ব পূর্ণ অৰন্য ।এই অৰন্যক মথনগুৰি বুলিও জনা যায় ।

                                             মাধুৰ্য দাস