Saturday, November 25, 2023

New Post in 2023

 নীলা শিয়ালৰ সাধুৰ পৰা উঠি অহা

অধ্যক্ষজন
——————

                      অভিজিৎ তালুকদাৰ

বোবা মানুহৰ ভাও জুৰি
তেওঁ চোবাই আছিল মেকুৰীৰ মঙহ
দুয়ো কাষে দুজন কুজা মানুহ
নত শিৰহৈ ৰৈ থাকে

সিমুৰত বহি থকা শিক্ষক জনক
তেওঁ ভেঙুচালি কৰা দেখি
কুজা মানুহ দুজনে চাপৰি বজালে

তেওঁক লৈ আক্ষেপ কৰিছিল
শিক্ষকজনে-
“শিক্ষানুষ্ঠানখন ধন ঘটাৰ আহিলা কৰিলে”

তেওঁ এটা নিলাজ বলধ
যাৰ মেকুৰীৰ মঙহ বৰ প্ৰিয়
মেকুৰীৰ মঙহ চোবাই চোবাই
স্কিমবোৰত সুৰুঙা বিচাৰিছে
ওচৰত থকা কুজা মানুহ দুটাই
মুখ মেলি চাপৰি বজালে

ৰাস্তাটোৰ সিপাৰে ৰৈ থকা
হুদুবোৰে ভাবিছে
অধ্যক্ষ এজন কিমান লোভী হ’লে
ইমান নিলাজ মিছলীয়া
আৰু বিবেকহীন হৈ পৰে
নিজ ছাত্ৰ-ছাত্ৰী আগত
নাঙঠ হ’ব পাৰে

হুদুবোৰে সম্যবাদৰ কথা কয়
সেয়ে সিহঁতে ভাৰাত দি আহিছে
কথা ক’ব পৰা মুখবোৰ
আৰু হৈ পৰিছে বোবা

No comments:

Post a Comment